Tuesday, August 17, 2010

গ্ৰাহক

আপুনি কবিতা কিনিবলৈ আহিছে নে কি?
কবিতা জুখিব জানে আপুনি?
তেন্তে, চাওক
আঁৰি থৈছোঁ মোৰ বুকুতে।
আপোনাৰ হাতখন কাঁইটীয়া নহয়তো?
যদি কাঁইটীয়া হয়
আপুনি ওচৰলৈ নাহিব
পলাই পত্ৰং দিব পাৰে মোৰ কবিতাই
কুমলীয়া তুলাৰ দৰে তাই
আকাশলৈ ঊৰি যাব খোজে বাৰে বাৰে
কি আনিছে আপুনি কবিতা কিনিবলৈ?
যদি হিংসা আৰু ঈৰ্ষাৰ খুচুৰা পইচা
আপোনাৰ জেপত নাচি আছে
মই তুলি দিব নোৱাৰোঁ মোৰ কবিতা আপোনাৰ হাতত।
মোৰ বিৰাট ভয় মোৰ কবিতাক কিজানি আপুনি
চৰিয়াই দিব, গুৰিয়াই দিব
আৰু চোবাই চোবাই ডাষ্টবিনত পেলাই দিব।
আপুনি ভবাৰ দৰে মাংসৰ টুকুৰাও নহয় মোৰ কবিতা
আৰু কচাইৰ দোকানত ম‌ৃত্যুৰ ক্ষণ গণি থকা ছাগলি।
কচাইৰ দৰে যদি ৰেপি ৰেপি হত্যা কৰে আপুনি
বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত তাইৰ ছবি ওলাব
মোৰ অন্তৰে কিমান যে হাহাকাৰ কৰিব
জীয়াই থাকিবলৈ টান হ’ব
সেই কথা তো বুজিবলৈ অপাৰগ আপুনি।
আপোনাক কৈ থৈছোঁ
মোৰ কবিতাৰ গ্ৰাহক এজন
যিজনে তেওঁৰ হৃদয়খন বন্ধকত থয়
আৰু মোৰ কবিতাক নিজৰ বুকুত সুমুৱাই লৈ যায়
কাইলৈ তেওঁ নিশ্চয় আহিব কবিতা ঘুৰাই দিবলৈ
মই তেওঁৰ হৃদয়খন ঘুৰাই দিম
কিন্তু, মোৰ কবিতা ঘুৰাই নলওঁ।
মোৰ বিশ্বাস তেওঁ বৰ মৰমিয়াল
কবিতাক মৰম দিব জানে
ভালপোবাৰ পৰিভাষা বিচাৰি ফুৰা প্ৰেমিক তেওঁ নহয়।
আপুনিওঁ জানি থোৱা ভাল
শব্দকোষৰ এটি এটি পাত লুটিয়াই চাব
ভালপোৱা অপৰাধ বুলি ক’তো লিখা নাই।

No comments:

Post a Comment